Assam to Host Filmfare Award 2020

06:36 AM Aug 12, 2019 | G Plus Digital Desk

১২ আগষ্ট, গুৱাহাটী :অসম পৰ্যটন বিভাগে ২০২০ চনত অসমত অনুষ্ঠিত কৰিব বলীউডৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ‘ফিল্মফেয়াৰ এৱাৰ্ড’ । শনিবাৰে অনুষ্ঠিত হোৱা ট্যুৰ অপাৰেটৰ সমাৰোহত  ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা উল্লেখ কৰে । বলীউডৰ নামী দামী তাৰকা, পৰিচালক, প্ৰযোজক সকলোৱে ৰঙীণ কৰি তুলিব গুৱাহাটী।

এই সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ টোৰ বাবে ৰাজ্য চৰকাৰে ৩০০ কোটি টকা আৱণ্টন দিছে। অসম পৰ্যটন বিভাগৰ এই প্ৰচেষ্টা বাস্তৱত ৰূপায়িত হ’লে অসমৰ চলচিত্ৰ উদ্যোগতো কিছু প্ৰভাৱ পৰিব বুলি আশাবাদী ৰাজ্য চৰকাৰ।