+

Assam is ready to celebrate Republic Day 

২৫ জানুৱাৰী, গুৱাহাটী: গণৰাজ্য দিৱসলৈ মাজত মাথো এদিন। কাইলে দেশবাসীয়ে উলহে মালহে পালন কৰিব ৭১ সংখ্যক গণৰাজ্য দিৱস।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো গণৰাজ্য দিৱসলৈ প্ৰস্তুতি তুংগত। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী। গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ উদ্বিগ্ন ৰাজ্যবাসী। কোন জিলাত কোন গৰাকী মন্ত্ৰীয়ে উত্তোলন কৰিব পতাকা? খানাপাৰত ৰাজ্যপাল জগদীশ মুখীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰী, বিশ্বনাথ চাৰিআলিত ৰঞ্জিত দত্ত, গোৱালপাৰাত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বঙাইগাৱঁত প্ৰমিলাৰামী ব্ৰহ্ম, নলবাৰীত ভৱেশ কলিতা, ওদালগুৰিত ৰিহন দৈমাৰী, চিৰাঙত চন্দন ব্ৰহ্ম, ধুবুৰীত ফণীভূষণ চৌধুৰী, লখিমপুৰত নব দলে, মৰিগাৱঁত পিযুষ হাজৰিকা, নগাঁৱত হিমন্ত বিশ্ব শৰ্মা, তিনিচুকীয়া সঞ্জয় কিষাণ, মঙলদৈত চুমু ৰংহাং, শিলচৰত পৰিমল শুক্লবৈদ্য, তেজপুৰত কেশৱ মহন্ত, যোৰহাটত অটুল বৰা, শিৱসাগৰত যোগেন মোহন।  

ইফালে সংযুক্ত মুক্তি বাহিনী অসমে (স্বাধীন)কাইলৈ ৰাজ্যজুৰি বন্ধৰ ঘোষণা কৰিছে। চৰকাৰৰ স্বৈৰাচ্ছাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাইলৈ সকলো কাৰ্যসূচী বৰ্জন কৰি প্ৰতিবাদী কাৰ্যসূচী হাচতত ল’বলৈ আহ্বান আলফাৰ। 

facebook twitter