Asom Sahitya Sabha award to Biswajyoti Sarma

01:08 PM Oct 16, 2019 | G Plus News

১৬ অক্টোবৰ, গুৱাহাটী : নীলকণ্ঠী উপন্যাসৰ বাবে বিশ্বজ্যোতি শৰ্মালৈ অসম সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য সন্মান। যোৰহাট জিলাৰ তিতাবৰৰ প্ৰাগজ্যোতিকা একাডেমীৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা গল্পকাৰ-উপন্যাসিক বিশ্বজ্যোতি শৰ্মালৈ অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বিশেষ যুৱ সাহিত্য বঁটা আগবঢ়োৱা হৈছে । পূৰৱী বৰমুদৈৰ বৰ্ণিল জীৱন আধাৰিত  উপন্যাস ‘নীলকণ্ঠী’ৰ বাবে শৰ্মালৈ এই সন্মান আগবঢ়োৱা হৈছে ।

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাৰ উদ্যোগত সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ পুত্ৰ তথা ‘দৈনিক অসম’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই বিশ্বজ্যোতি শৰ্মাক এই বঁটা প্ৰদান কৰিব।