Airport Authority of India gets its first transgender legal counsel from Assam

11:02 AM Nov 20, 2019 | G Plus News

২০ নৱেম্বৰ, গুৱাহাটী : ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষই প্ৰথমবাৰলৈ চৰকাৰী অধিবক্তা পদত নিযুক্তি  দিছে তৃতীয় লিংগৰ অধিবক্তাক। গুৱাহাটী উচ্চ ন্যায়লয়ৰ তৃতীয় লিংগৰ অধিবক্তা স্বাতী বিধান বৰুৱাক ভাৰতীয় বিমান কৰ্তৃপক্ষই  চৰকৰাৰী অধিবক্তা হিচাপে  নিযুক্তি প্ৰদান কৰে। 

স্বাতী বিধান বৰুৱাই  উত্তৰ-পূব মণ্ডলত  ভাৰতীয় বিমানবন্দৰ  কৰ্তৃপক্ষৰ হৈ আইনী দিশ চোৱা চিতা কৰিব। মঙলবাৰে বিমানবন্দৰ কৰ্তৃপক্ষই ইতিহাস ৰচনা কৰি প্ৰথমগৰাকী তৃতীয় লিংগৰ অধিবক্তা নিযুক্তি প্ৰদান কৰে। বৰুৱাই কয় - “তৃতীয় লিংগ অথাৎ এল জি বি টিৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।এন আৰ চি তথা আয়ুষ্মান ভাৰত আঁচনিকে ধৰি বহু চৰকাৰী আঁচনিত তৃতীয় লিংগৰ সৈতে বৈষম্য কৰিছে চৰকাৰে।”