AGP workers get angry on Atul Borah

08:52 AM Jan 02, 2020 | G Plus News

২ ডিচেম্বৰ, গুৱাহাটী : ৰাজ্যজুৰি কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সৃষ্টি হৈ থকাৰ সময়ত অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যাবাসীয়ে। আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জিতেন ডেকাৰ তত্বাৱধানত মহানগৰ সমিতিৰ কাৰ্যনিৰ্বাহকতেই তৰ্কাতৰ্কিত লিপ্ত হৈছে একাংশ অগপ কৰ্মীয়ে। দলৰ স্থিতিক লৈ ক্ষোভ উজাৰে অগপ কৰ্মীয়ে। 

দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ স্থিতি সন্দৰ্ভত তীব্ৰ ভাষাত ক্ষোভ উজাৰে তৃণমূল কৰ্মীসকলে। আনহাতে দলৰ নেতাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক আক্ৰমণ কৰাক লৈ খঙত গুজৰি উঠে কৰ্মীসকলে।

কৰ্মীসকলে সমালোচনা কৰি কয় যে কা সন্দৰ্ভত দলৰ  স্থিতিক লৈ কৰ্মীসকলে ৰাইজৰ আগত মুখ দেখুৱাব নোৱাৰা হৈছে। ক্ষমতাৰ লোভত দলৰ সভাপতিয়ে শাসকীয় দলৰ লগত মিত্ৰতা কৰি ৰাখিছে।