+

Aamis awarded in Singapore

১০ ছেপ্তেম্বৰ, গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অব্যাহত আছে আমিষৰ সফলতা। ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘আমিষ’ এ অৰ্জন কৰিলে দুটাকৈ বঁটা। ভাস্কৰ হাজৰিকাই ৰচনা আৰু পৰিচালনা কৰা এই ছবিখনে ইতিমধ্যে বহুকেইখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুনাম অৰ্জন কৰিছে। 

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা লীমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। লগতে  ভাস্কৰ হাজৰিকালৈ  শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আগবঢ়ায়। ইয়াৰ উপৰি ছবিখনৰ সম্পাদনা কৰা শ্বেতা ৰায় চামলিং শ্ৰেষ্ঠ সম্পাদক শাখাত পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।

{{4CSF_UaoTFkjY5BY3FzZ}}


যোৱা ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠানত এই বঁটাসমূহ বিতৰন কৰা হয়। দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘আমিষ’ৰ লগতে জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’–এ প্ৰতিদ্বন্দ্বিতা কৰিছিল। সৰ্বমুঠ ৪০খন চলচ্চিত্ৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বাছনি কৰা হৈছিল।

facebook twitter