10 literary critics nominated for Assam Sahitya Sabha award

07:28 AM Jan 28, 2020 | G Plus News

২৮ জানুৱাৰী, গুৱাহাটী : অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আৰু বঁটা প্ৰদান। 'ভাষাপ্ৰাণ' সন্মান ড০ নাৰায়ণ দাসলৈ। মৰণোত্তৰভাৱে 'অনুবাদ ৰত্ন' সন্মান  শ্ৰীশ্ৰী ভৃগুগিৰি মহাৰাজলৈ। 'প্ৰেৰণাময়ী নাৰী' সন্মান ৰেখা বৰুৱালৈ। ‘আনন্দচন্দ্ৰ বৰুৱা বঁটা’ পাৰ্থসাৰথি মহন্তলৈ। গণেশ তামুলীলৈ বিশেষ ‘সমাজসেৱা বঁটা’।‘বিশেষ যুৱ সাহিত্য বঁটা’ শুৱালকুছিৰ বৰ্ণালী কলিতালৈ। 

মেধি ধৰণী-অলকা ন্যাসৰ ‘বিশেষ সাংস্কৃতিক সংগঠনক’ বঁটা তৰুণ আজাদ ডেকালৈ।
‘মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী বিশেষ নাট্যকাৰ বঁটা’ ধ্ৰুৱজ্যোতি শৰ্মালৈ। ‘এম ইলিমুদ্দিন দেৱান বঁটা’ হবিবুৰ ৰহমানলৈ। হৰিপ্ৰসাদ নেওগলৈ  ‘মুদ্ৰণ, অলংকৰণ বঁটা’ আৰু ‘সম্পাদনা বঁটা’ সমৰ তালুকদাৰলৈ।

চলিত বৰ্ষৰ অহা ২ ফেব্ৰুৱাৰী পুৱা ১০. ৩০ বজাত শুৱালকুছি অধিৱেশনৰ অতুলচন্দ্ৰ বৰুৱা মঞ্চত এই সন্মান প্ৰদান কৰা হ'ব।