PSU Banks to reduce ATMs

11:07 AM Aug 03, 2019 | G Plus Digital Desk

৩ আগষ্ট, গুৱাহাটী : ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে দেশৰ কেইবাহাজাৰো এ টি এম। শেহতীয়াকৈ ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে ১০,৮০৯ টা এটিএম।  ৰিজাৰ্ভ বেংকৰ এক তথ্য অনুসৰি ২০১৯ বৰ্ষৰ মাৰ্চ মাহলৈ এটিএমৰ সংখ্যা হ্ৰাস পাই  ২,২১,৭০৩ টা এটি এম আছেগৈ।

উল্লেখ্য যে ২০১৭ চনত ৰিজাৰ্ভ বেংকে দেশখনত  ছেপ্তেম্বৰ মাহলৈ  ২,২১,৫৫৩ টা এ টি এম থকাৰ কথা সদৰী কৰিছিল। উন্নত প্ৰযুক্তিৰ লগতে ৰিজাৰ্ভ বেংকৰ নগদ ধন সম্পৰ্কীয় নতুন নীতিৰ বাবে এ টি এম চলোৱাটো বহু বেংকৰ বাবে ব্যয়বহুল হৈ পৰিছে। এ টি এম চলোৱাৰ বাবে পূৰ্বৰ তুলনাত অধিক ধন খৰচ কৰিব লগীয়া হৈছে বেংকসমূহে।

আনহাতে ব্যক্তিগত খণ্ডৰ বেংকে নতুনকৈ সংস্থাপন কৰিছে ৩,৯৭৫ টা এটিএম। এ টি এমসমূহৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বহুতো অসুবিধাত ভুগিছে সাধাৰণ ৰাইজে।