Drinking water scarcity in Aswaklanta Dewalaya

01:31 PM Aug 06, 2019 | G Plus Digital Desk

৬ আগষ্ট, গুৱাহাটী : উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত বিশুদ্ধ খোৱা পানীৰ নাটনি। ঐতিহাসিক দেৱালয়টোত জনস্বাস্থ্য বিভাগৰ পানীৰ প্ৰকল্প আছে যদিও পানী যোগান বন্ধ থাকে। পাঁচ দিন ধৰি অশ্বক্লান্ত দেৱালয়ত পানী যোগান বন্ধ থকাত ধৰ্মীয় কাম কাজত মন্দিৰটোৰ লগতে আবাসিক এলেকাসমূহতো অসুবিধাৰ সৃষ্টি হৈছে। 

বৰলুইতৰ পানীৰে বহু কষ্টৰে পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত পূজা পাৰ্বন চলিছে যদিও পূজা পাৰ্বনত ব্যৱহাৰৰ বাবে দুশ ফুট তলৰ ব্ৰহ্মপুত্ৰৰ পানী কঢ়িয়াই নিয়ম পালন কৰিব লগা হৈছে মন্দিৰৰ পূজাৰীয়ে। মন্দিৰৰ ভোগৰন্ধা পাত্ৰ নিজৰাত ধুৱাৰ বাবে প্ৰদূষিত পানী গ্ৰহণ নকৰে প্ৰাণীকুলে।

দীৰ্ঘেশ্বৰী পাহাৰত থকা জীব-জন্তুবোৰো পানীৰ অভাবত জৰ্জৰিত হৈছে। কপিকুবোৰে বিশুদ্ধ পানী নাপাই মন্দিৰৰ লগতে স্থানীয় লোকৰ পানীৰ টেপবোৰ ভাঙি থৈ যায়।