Corruption purge: 1200 CBI officials to be forced to retire

08:11 AM Aug 14, 2019 | G Plus Digital Desk

১৩ আগষ্ট, গুৱাহাটী - দেশৰ আগশাৰীৰ তদন্তকাৰী সংস্থা চি বি আইৰ বিষয়ববীয়াৰ বিৰুদ্ধে  কাম নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ এইসকল কৰ্মচাৰীয়ে পাৰদৰ্শিতা তথা দায়িত্ববোধ অনুসৰি কাম নকৰা বুলি কেন্দ্ৰীয় চৰকাৰে হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ ফলতে চৰকাৰে এইসকল কৰ্মচাৰীক বাধ্য়তামূলক অৱসৰ দিবলৈ আগবাঢ়িছে। 

ইয়াৰ বাবে কেন্দ্ৰই প্ৰায় বাৰশ কৰ্মচাৰীক ইতিমধ্য়ে চিনাক্ত কৰিছে আৰু সকলো প্ৰকাৰৰ প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক অৱসৰ দিয়া হব।ৰাষ্ট্ৰীয় সংবাদমাধ্য়মত প্ৰকাশ কৰা অনুসৰি  অৱসৰৰ বাবে চৰকাৰে চিনাক্ত কৰা চি বি আইৰ বিষয়াকেইজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ তলৰ পদবীৰ,উচ্চ বৰ্গৰ সহায়ক, নিম্নবৰ্গৰ সহায়ক, পৰিদৰ্শক, মূখ্য় কনিষ্টবল আৰু ডি এছ পি পৰ্যায়ৰ  বিষয়া। 

তেওঁলোকক কেন্দ্ৰীয় অসামৰিক সেৱা বিধিৰ ফাণ্ডামেণ্টেল ৰুল ৫৬ (জে) ৰ অধীনত অৱসৰ দিয়াৰ কথা ঘোষনা কৰে। অৱশ্য়ে সংস্থাটোৰ শীৰ্ষ পদধাৰীসকলৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে এনে ব্য়ৱস্থা লোৱা দুষ্টিগোচৰ হোৱা নাই।

উল্লেখ্য় যে ২০১৭ চনৰ এপ্ৰিল মাহৰ হিচাপ অনুসৰি চি বি আইত কাৰ্যবাহী পৰ্যায়ৰ বিষয়াসকলৰ বাবে ৫ হেজাৰ অনুমোদিত পদ আছে। কিন্তু বৰ্তমান ৪,১১০ জন বিষয়াইহে কাম কৰি আছে। ২০১৪ চনৰ জুন মাহৰ পৰা ২০১৭ চনৰ জুন মাহলৈ তদন্তৰ বাবে চি বি আইক মুঠ ৭৯১ টা গোচৰ ন্যাস্ত কৰা হয়। আনহাতে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে চি বি আইৰ হাতত ১,১৭৪ টা গোচৰ বিচাৰ নকৰাকৈ পৰি আছে।

চৰকাৰে সম্প্ৰতি ভাৰতীয় অসামৰিক সেৱা আৰু ভাৰতীয় পুলিচ সেৱাৰ লগতে ভৰতীয় ৰাজহ সেৱাৰ বিষয়াকো বাধ্য়তামূলক অৱসৰ দিছে।২০১৪ চনৰ জুন মাহৰ পৰা ৩১২ জন প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াক অৱসৰ দিয়া হৈছিল।