Congress To Choose New Party Chief Today, Mukul Wasnik Among Frontrunners

08:49 AM Aug 10, 2019 | G Plus Digital Desk

১০ আগষ্ট, গুৱাহাটী - শনিবাৰে দিনৰ ১১ বজাৰ ইউ পি এৰ অধ্য়ক্ষা ছোনিয়া গান্ধীৰ অধ্য়ক্ষতাত আৰম্ভ হৈছে কংগ্ৰেছৰ চি ডব্লিউ চিৰ বৈঠক। শেহতীয়াকৈ লোকসভা নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব মূৰ পাতি লৈ ৰাহুল গান্ধীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত শনিবাৰে বাচনি কৰা হ'ব দলৰ নতুন অধ্য়ক্ষ। 

পূৰ্বতে গান্ধী পৰিয়ালৰ ছোনিয়া গান্ধী কিম্বা ন কংগ্ৰেছী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ হাতত অধ্য়ক্ষৰ পদ অৰ্পিত কৰাৰ কথা দলে ব্যক্ত কৰিছিল। শেহতীয়াকৈ চি ডব্লিউ চিৰ বৈঠকৰ পূৰ্বে আহমেদ পেটেল, কে চি বেণুগোপাল, এ কে এন্টনীয়ে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষৰূপে কেইবাটাও নামৰ ওপৰত চৰ্চা কৰে। তেওঁলোকে চৰ্চা কৰা নাম সমূহৰ ভিতৰত দলৰ জ্যেষ্ঠ নেতা মুকুল বাসনিক, মল্লিকাৰ্জুন খাড়গে, অশোক গেহলট, সুশীল কুমাৰ সিন্দেকে ধৰি কেইবাজনো শীৰ্ষ নেতা আছে।

প্ৰাপ্ত খবৰমতে মুকুল বাসনিক (৫৯) প্ৰাক্তন কৰ্ম পৰিষদৰ সদস্য পৰৱৰ্তী অধ্য়ক্ষ পদৰ নিৰ্বাচিত হোৱাৰ কথা ব্য়াপকভাৱে চৰ্চা লাভ কৰিছে। গান্ধী পৰিয়ালে যোৱা ১৩৪ বছৰ ধৰি অধ্য়ক্ষ পদত কৰ্মৰত আছিল। 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এইবাৰ দলৰ দায়িত্ব কোনো যুৱ নেতাৰ হাতত অৰ্পন কৰাৰ পোষকতা কৰিছে যদিও আন একাংশই কোনো অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাকহে এই দায়িত্ব অৰ্পনৰ দাবী জনাইছে। ৰাহুল গান্ধীয়ে অধ্যক্ষ পদ ত্যাগ কৰাৰ পিছতে অমৰিন্দৰ সিঙে প্ৰিয়ংকা গান্ধীক এই দায়িত্ব প্ৰদানৰ আহ্বান জনাইছিল। কিন্তু প্ৰিয়ংকা গান্ধীয়েও এই প্ৰস্তাৱ খাৰিজ কৰে।