Bridge Collapsed in Assam Nagaland Border

08:56 AM Aug 07, 2019 | G Plus Digital Desk

৭ আগষ্ট, গুৱাহাটী :  অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত এখন দলং ভাগি পৰাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ ব্যৱস্থা। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ নিলগৰ অসম-নগালেণ্ড  সীমান্তৱৰ্তী নামতোলাৰ নাইলং নদীৰ ওপৰত থকা কাঠৰ দলং ভাগি এখন ডাম্পাৰ নদীত বাগৰি পৰে। 

এই ঘটনাৰ ফলত এএচ-০৪-বিচি ১৩৯৭ নম্বৰৰ ডাম্পাৰখনৰ চালক হোমেন কোঁৱৰসহ হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনকে ইতিমধ্যে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। 

উল্লেখ্য যে অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত থকা বাবেই আজিলৈকে কোনো এখন ৰাজ্যৰ চৰকাৰে দলংখন নিৰ্মাণৰ দায়িত্ব নোলাৱাত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল দলংখন। ইপিনে জৰাজীৰ্ণ কাঠৰ দলং খনৰ ওপৰেদিয়েই বোজা কঢ়িওৱা যথেষ্ট সংখ্যক গাড়ী দৈনিক বিপদসংকুল ভাৱে চলাচল কৰি আছিল। এই দুৰ্বল দলংখন নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দুয়োখন ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে দাবী জনাই আহিছিল।  

দলংখন নিৰ্মাণৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে নগালেণ্ডৰ কয়লা-শিল ভৰ্তি গাড়ীৰ লগতে আন আন সামগ্ৰীৰ ওপৰিও নাগালেণ্ডত থকা গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰিত উৎপাদিত প্লাইউড সৰবৰাহ কৰা হয় এই দলংখনেৰেই। 

কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োখন ৰাজ্যৰ চৰকাৰ তথা গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰিয়ে এই দলংখন নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰা নাই আজিলৈকে। আনহাতে আজি পুৱা দলংখন ভাগি পৰাত এতিয়া দুয়োখন ৰাজ্যৰ সংযোগ সম্পূর্ণ ৰূপে বিচ্ছিন্ন হোৱাত চিকিৎসা তথা শিক্ষাৰ বাবে সোণাৰিলৈ অহা-যোৱা কৰা পথ বন্ধ হৈ পৰাত যথেষ্ট অসুবিধাৰ সমূখীন হৈছে জনসাধাৰণ।