+

Barasha Rani Bisaya oppose CAB

৯ ডিচেম্বৰ, গুৱাহাটী : জাতিধ্বংসী কেবৰ বিৰুদ্ধে শিল্পীসমাজে বিভিন্ন মত প্ৰকাশ কৰাৰ পাছতে কেবৰ বিৰোধতা কৰি মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ইতিহাসক কলংকিত কৰি থৈ নাযাবলৈ ৰাজ্য চৰকাৰক  আহ্বান অভিনেত্ৰাগৰাকীৰ। 

কেবৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে কয়- “এগৰাকী অভিনেত্ৰী হোৱাৰ পৰিৱৰ্তে মই এগৰাকী অসমীয়া। কেব গৃহীত হ’লে আমি স্বগৃহতে সংখ্যালঘু হ’ম। আমাৰ জাতিৰ প্ৰতি ভাবুকি, ভাষাৰ প্ৰতি ভাবুকি, সংস্কৃতিৰ প্ৰতি ভাবুকি আহিব। ছহীদৰ ত্যাগক আপোনালোকে উপলুঙা নকৰিব।”

লগতে তেওঁ মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰি কয় যে ৰাজ্যৰ কথা ভাবক, জাতিৰ কথা ভাবক। মুখ্যমন্ত্ৰীক সকলোৱে “সৰ্বা দা“ অৰ্থাৎ ভাতৃ সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ হকে যি কাম কৰিব সদায় আমি সহযোগ কৰিম। জাতি ধ্বংস হ’বলৈ নিদিবলৈ হাত জোৰ কৰি অনুৰোধ জনাই বৰষা ৰাণী বিষয়াই।  

facebook twitter