Assam woman weaves Zubeen's Creation on Gamosaa

10:45 AM Aug 01, 2019 | G Plus Digital Desk

১ আগষ্ট, গুৱাহাটী : জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি নিস্বাৰ্থ মৰম এগৰাকী অনুৰাগীৰ। ধেমাজি জিলাৰ জিনু চুতীয়া নামৰ এগৰাকী শিপিনীয়ে ‘ অ’ মা’ আৰু অ’ দেউতা’ শীৰ্ষক গান দুটিৰ লগতে শিল্পীজনৰ এখন ছবি বৈ উলিয়ালে গামোচাত। 

উল্লেখযোগ্য যে পূৰ্বতেও শিপিনীগৰাকীয়ে  অসম সাহিত্য সভাৰ সভাপতিৰ আৰম্ভণিৰে পৰা  ৬৮ জন সভাপতিৰ নাম আৰু তেওঁলোকৰ ছবিসহ ২০ ফুট দৈৰ্ঘ্যৰ এখন ব্যতিক্ৰমী গামোচা বৈ উলিয়াইছিল। মহিলাগৰাকীৰ এই ব্যতিক্ৰমী শিল্পৰাজি  ছচিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমসমূহতো ব্যাপক চৰ্চা লাভ কৰিছে।