Amitabh Bachchan Selected Unanimously For Dada Sahab Phalke Award

06:07 AM Sep 25, 2019 | G Plus News

২৫ ছেপ্তেম্বৰ, গুৱাহাটী : ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ মৰ্যদাসম্পন্ন আৰু সন্মানীয় পুৰস্কাৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে জীৱন্ত কিংবদন্তি অমিতাভ বচ্চনলৈ। বিগ - বি খ্যাত ৭৬ বছৰীয়া অভিনেতাগৰাকীলৈ ২০১৮ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ কথা কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।৫০ বছৰৰ অভিনেতা জীৱনত অমিতাভ বচ্চনে ইতিমধ্যে চাৰিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁৰে পুৰস্কৃত কৰা হৈছে। 

{{uhEPCQjDXUc8dZVvJBuY}}

ভাৰতীয়া চলচ্চিত্ৰৰ বিকাশ আৰু অগ্ৰগতিত আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে দেশৰ চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰসকলক এই বঁটাৰে সন্মানিত কৰা হৈছে। ২০১৭ চনত মৰোণোত্তৰ ভাৱে এই বঁটাৰে পুৰস্কৃত কৰা হৈছিল প্ৰখ্যাত অভিনেতা বিনোদ খান্নাক। ১৯৬৯ চনত দাদ চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অভিনেত্ৰী হৈছে দেৱিকা ৰাণী।

দাদ চাহেব ফাল্কে বঁটাৰ জুৰি সদস্য আশা ভোসলেই অভিনেতা গৰাকীক শুভেচ্ছা জনাই কয় যে - “ এই সন্মানীয় বঁটা লাভৰ বাবে তেওঁক অভিনন্দন জনাইছো।”