After Swachh Bharat & Ayushman Bharat, Modi Govt introduces Buddhiman Bharat

12:44 PM Aug 01, 2019 | G Plus News

১ আগষ্ট , গুৱাহাটী : স্বচ্ছ ভাৰত, আয়ুস্মান ভাৰত আদি অভিলাসী আচঁনিৰ পাছত মোদী চৰকাৰে দ্বিতীয়টো কাৰ্যকালত ‘বুদ্ধিমান ভাৰত’ আচঁনি প্ৰয়োগৰ চিন্তা চৰ্চা চলাইছে। এই আচঁনি অনুসৰি ৮ বছৰ পৰ্যন্ত বয়সলৈ শিশুসকলৰ মস্তিস্কৰ উন্নয়নত গুৰুত্ব দিয়া হ’ব। 

বয়সৰ লগে লগে শিশুসকলৰ বৃদ্ধি আৰু বিকাশত চিন্তা চৰ্চা চলাইছে চৰকাৰে। এই আচঁনিৰ জৰিয়তে শিশুসকলৰ পুষ্টি আৰু বয়স অনুযায়ী উচ্চতা তথা ওজন বৃদ্ধি আৰু মেধাৰ বিকাশত আগবঢ়াই নিয়া হ’ব। শিশুসকলত পঢ়া - শুনাৰ ক্ষেত্ৰটো চকু ৰাখিব এই আচঁনিয়ে।